আঁক-বাক

আঁক-বাক

~পদ্মনাভ কাকতি
যান্ত্ৰিকী অভিযান্ত্ৰিক বিভাগ
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ

১

মুঠিত লৈ ফুৰা জোনাকী পৰুৱাবোৰ
এপাক এৰি দিওঁচোন

মুঠিৰ উকমুকনি নোহোৱা হ‌ওঁক

পিঞ্জৰাৰ ভিতৰতে উৰিবলৈ শিকা পখীটিয়ে
উশাহ ল’বলৈকে এফেৰি অৱকাশ পাওঁক!

২

আজি আবেলিটো
ৰঙচুৱা হ’লে
জাকৰুৱা চৰাইবোৰক দেও দি
এই আকাশেদি উৰি যাবলৈ দিবি।

সিহঁতৰে পিছে-পিছে
কাগজৰ নাও লগা ঘাটবোৰ বিচাৰি যাম

আৰু পাৰিলে-
ডেউকা খুলি‌
সময়ৰ পাছত দৌৰিবলৈ লোৱা সময়ৰ
সেই মোহনাত ৰৈ‌ যোৱা‌
নাওখনৰ জাল গুচাম।

৩

কেতিয়াবা সময় ওলিয়াই আহিবাচোন!

মনাকাশৰ কুঁৱলী ফালি
একেলগে বগাম
চেতনাৰ ওখ-ওখ
দ্বীপ্তোজ্জ্বল
পাহাৰবোৰ।

****

Leave a Comment

Your email address will not be published. Required fields are marked *